Show/Hide Keyboard Layout

জিৰ জিৰ নিজৰি

- জ্যোতিপ্ৰসাদ আগৰৱালা

জিৰ জিৰ জিৰ জিৰ

জিৰ জিৰ তাতে নিজৰি

জিৰ জিৰ নিজৰি অ’

টুল বুল টুল বুল কৈ

হালধীয়া সৰাপাতৰ নাওখনি

গৈ গৈ গৈ

আমাৰ মৰম এ ভৰা লৈ ।

 

ভৈয়ামৰ ধাননি

বোলালে ঐ

সোণালী কৈ

জিৰ জিৰ নিজৰি ঐ ।

 

মৰমৰ বতৰা লৈ

বৈ থাক বৈ থাক

ৰৈ ৰৈ ৰৈ ।।

Hits: 1512